ব্ৰহ্মপুত্ৰ উপত্যকাৰ গড় প্ৰস্থ প্ৰায় ৮০ কিলোমিটাৰ। এই উপত্যকাৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ বিশ্বৰ সৰ্ববৃহৎ নদীৰ ভিতৰত অন্যতম আৰু গড় সোঁতৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰ বিশ্বৰ ভিতৰত পঞ্চম স্থানত পৰে। হিমালয় পৰ্বতৰ কৈলাশৰ পৰা প্ৰায় ৫০০০ মিটাৰ উচ্চতাৰ পৰা এই নদী উৎপত্তি হোৱা বুলি কোৱা হয়। তিব্বতৰ পৰা অৰুণাচল প্ৰদেশৰ মাজেৰে অসমত প্ৰৱেশ কৰি বাংলাদেশৰ মাজেৰে গৈ বংগোপসাগৰত মিলিছে।
তিব্বতত থকা ব্ৰহ্মপুত্ৰ নদীয়ে দখল কৰি ৰখা ঠাই হৈছে প্ৰায় ২,৯৩,০০০ বৰ্গ কিঃমিঃ; ভাৰত আৰু ভূটানত দখল কৰি ৰাখিছে প্ৰায় ২,৪০,০০০ বৰ্গ কিঃমিঃ আৰু বাংলাদেশত প্ৰায় ৪৭,০০০ বৰ্গ কিঃমিঃ এলেকা ব্ৰহ্মপুত্ৰ নদীয়ে আৱৰি ৰাখিছে। অসমৰ পৰা বাংলাদেশৰ মাজেৰে পাৰ হঁওতে ব্ৰহ্মপুত্ৰ অৱবাহিকায়ে প্ৰায় ৫,৮০,০০০ বৰ্গ কিঃমিঃ এলেকা আগুৰি ৰাখিছে।
ব্ৰহ্মপুত্ৰ নদীৰ গড় প্ৰস্থতা হৈছে ৫.৪৬ কিঃমিঃ। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বাধিক সোঁতৰ হাৰ হৈছে ৭২,৭৭৯ কিউমিক আৰু এই হিচাপে গুৱাহাটীৰ পাণ্ডু ঘাটৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু সৰ্বনিম্ন হৈছে ১৭৫৭ কিউমিক আৰু হিচাপ ২২/০২/৬৩ চনতে লোৱা হৈছিল।
ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰাৰ আগেয়ে ইয়াৰ ঢাল থিয় আছিল কিন্তু ভাৰতত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ ঢাল অধিক হৈ পৰে। আৰু এই ঢাল অধিক হৈ পৰা বাবে অসম উপত্যকাত ই এক প্ৰধান নদী হিচাপে পৰিগণিত হৈ পৰে। কোবোৰ পৰা ধুবুৰীলৈ অহাৰ সময়তে ব্ৰহ্মপুত্ৰ নদীয়ে উত্তৰ পাৰত প্ৰায় ২০ খন উপ-নদীৰ সৈতে সংযোজিত হৈছে। তদুপৰি দক্ষিণ পাৰত ১৩ খন উপনদীৰ সৈতে সংযোগ হৈছে।
ৰাজ্য | নিৰ্গমন ক্ষেত্ৰ (বৰ্গ কিঃমিঃ) |
---|---|
অৰুণাচল প্ৰদেশ | ৮১,৪২৪ |
অসম | ৭০,৬৩৪ |
পশ্চিমবংগ | ১২,৫৮৫ |
মেঘালয় | ১১,৬৬৭ |
নাগালেণ্ড | ১০,৮০৩ |
চিকিম | ৭,৩০০ |
মুঠ | ১৯৪,৪১৩ |
ব্ৰহ্মপুত্ৰ নদী তথা ইয়াৰ উপনদীসমূহ বাৰিষা সময়ত হোৱা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ভৰি পৰে। অসমত হোৱা এই তুষাৰ বৰষুণৰ প্ৰধান কাৰণ হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ। মে’ৰ পৰা চেপ্তেম্বৰ মানলৈকে চলা এই বৃষ্টিপাত কালত সকলোবোৰ নদী-উপনদী পানীৰে উপচি পৰে আৰু যাৰ ফলত বানপানীয়ে দেখা দিয়ে সমগ্ৰ ৰাজ্যত। আৰু এই বানপানীৰ ফলত বৰ্তমানলৈকে বহু ধন জনৰ ক্ষতি হোৱা পোৱা গৈছে।