অসমৰ নদী প্ৰণালী: অসম ৰাজ্যখন মূলতঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নামৰ দুটা উপত্যকাৰে আবৃত্ত। অসমৰ সৰ্বমুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিঃমিঃ ,আৰু ইয়াৰ ভিতৰত ৫৬,১৯৪ বৰ্গ কিঃমিঃ আৰু ২২,২৪৪ বৰ্গ কিঃমিঃ ক্ৰমে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ভিতৰত পৰে। সমগ্ৰ মাটিকালিৰ ৩৯.৫৮% অৰ্থাৎ ৩১,৫০০ বৰ্গ কিঃমিঃ এলেকা বানপানী প্ৰৱণ এলেকাৰ ভিতৰত পৰে যিখিনি মাটি ৰাষ্ট্ৰীয় বানপানী আয়োগে চোৱা-চিতা কৰে। কবলৈ গ’লে, এই এলেকাখিনিয়ে সমগ্ৰ দেশৰ সৰ্বমুঠ ৯.৪০% বানপানী প্ৰৱণ এলেকাক আগুৰি ৰাখিছে।
ৰাজ্যখনৰ বৰ্তমানলৈকে ১৬,৫০০ বৰ্গ কিঃমিঃ এলেকা বানপানী সুৰক্ষিত এলেকাৰ ভিতৰত অনা হৈছে। অসমত বানপানী হোৱাৰ মূল কাৰণ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা হোৱা খহনীয়া আৰু ইয়াক ৰোধিবলৈ গ্ৰহণ নকৰা কটকটীয়া ব্যৱস্থা। অধ্যয়নৰ পৰা জানিব পৰা মতে, ১৯৫০ চনত হোৱা বৰ ভুইঁকপৰ ফলত ব্ৰহ্মপুত্ৰৰ তলৰ ভূমিখিনি ওপৰলৈ উঠি আহে যাৰ ফলত বাৰিষা কালত হোৱা অলপ পানীৰ বাবে দাতি-কাষৰীয়া সকলো অঞ্চল জলময় হৈ পৰে।