সামৰ্থ্য গঢ়ন আৰু শক্তিশালীকৰণৰ বাবে বিভাগীয় অভিযন্তা সকলক নিয়মীয়া ভাৱে এচিয়ান ইনষ্টিটিউট অফ টেকনলজি,বেংকক, NICMAR পুনে, অসম অভিযান্ত্ৰিক কলেজ, গুৱাহাটী, IIT গুৱাহাটী আদিৰ দৰে শিক্ষা প্ৰতিস্থানত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
বিভাগৰ কাৰিকৰী জ্ঞানৰ ভাণ্ডাৰ ভৰাই ৰাখিবৰ বাবে নিয়মীয়া ধৰণে প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে সহায়ক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বৰ্তমানলৈকে জলসম্পদ বিভাগ আৰু জলসিঞ্চন বিভাগৰ ২৫০ তকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি লাভান্বিত হৈছে।