বান ব্যৱস্থাপনাৰ বাবে পুঁজিৰ যোগানৰ নমুনা
ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে নিম্ন উল্লিখিত উৎস সমূহৰ পৰা পুঁজিৰ যোগান ধৰা হয়। প্ৰতিবাৰে ৰাজ্যৰ পুঁজি সীমাবদ্ধ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ হাতৰ বাবে অপেক্ষা কৰিব লগীয়া হয়। বৰ্তমান বানপানী ব্যৱস্থাপনাৰ বাবে তলৰ উৎসৰ পৰা পুঁজি আহৰণ কৰা হয় –
- বানপানী ব্যৱস্থাপনা কাৰ্যক্ৰম (FMP)
- অতিৰিক্ত কেন্দ্ৰীয় সহায়তা (ACA)
- ৰাজ্যিক পৰিকল্পনা
- ৰাজ্যিক দুৰ্যোগ প্ৰতিক্ৰিয়া পুঁজি (SDRF)
- উত্তৰ পূৱ পৰিষদ (NEC)
- সংযুক্ত নদী আয়োগ (JRC)
- বহিৰাগত সংস্থাৰ পৰা সহায়তা (NABARD)
- বাহ্যিকভাৱে সাহায্যপ্ৰাপ্ত প্ৰকল্প (ADB & World Bank)